গ্রামে ভুতের হানা, আঁচড় ক্ষত আতঙ্কে গ্রামবাসী ।


 কাছাৰৰ এখন গাঁৱত ভূতৰ তাণ্ডৱ ! নিশা হলেই ভূতৰ ভয়ত ঘৰৰ বাহিৰত নু উলাই গাঁওখনৰ ৰাইজ ৷ ভূতৰ পৰা পৰিত্ৰাণ বিচাৰি মন্দিৰত চলিছে কীর্তন ৷* বিজ্ঞানৰ এই যোগতো ভূত বিশ্বাস কৰি ভূতৰ পৰা পৰিত্ৰাণ পোৱাৰ বাবে মন্দিৰত কীৰ্তন সহ পূজাপাঠ কৰিছে কাছাৰৰ এখন গাঁৱৰ ৰাইজে ৷ অবিশ্বাস্য হলেও ইয়া সত্য ৷ ঘটনা কাছাৰ জিলাৰ বৰখলা বিধানসভা সমষ্টিৰ বদৰপুৰ-মাছিমপুৰ জি.পি.ৰ চুবেদাৰবস্তীৰ ৷ গাঁওখনৰ ৰাইজে যোৱা কেইদিন ধৰি ভূতৰ ভয়ত ভূগিছে ৷ নিশাই হলে গাঁওখন উলাই ভূত ! আৰু গাঁওখনৰ প্ৰতিটো ঘৰত ভূতে আৰম্ভ কৰে শিল বৰ্ষণ ৷ লগতে গাঁৱৰ কেইবাজনোৰ ওপৰত কৰিছে ভূতে আচৰ ৷ এই ভয়ত এতিয়া নিশা ঘৰৰ বাহিৰত ন উলাই গাঁওখনৰ ৰাইজ ৷ গ্ৰামবাসী লোক সকলে জানিবলৈ দিয়া মতে, দীৰ্ঘ দিনৰ পৰা গাঁওখনত ভূতে তাণ্ডৱ চলাই গৈছে ৷ নিশা হলেই প্ৰতিটো ঘৰৰ টিনপাতত শিল বৰ্ষণ আৰম্ভ কৰে ভূতে ৷ প্ৰথমে গাঁৱৰ ৰাইজে চোৰ সন্দেহ কৰি নিশা গাঁওখনত পহৰা আৰম্ভ কৰিছিল ৷ কিন্তু দেখা গৈছিল যে পাহাৰা দিয়াৰ সময়তো নিশা গাঁৱৰ বিভিন্ন ঘৰত কোনো অদৃশ্য শক্তিয়ে শিল বৰ্ষণ কৰে ৷ শিল বৰ্ষণৰ ফলত বহু ঘৰৰ খিৰিকীৰ গ্লাছো ভাঙিছে বুলি জনায় গাঁৱৰ লোক সকলে ৷ এদিন নিশা যুবক সকলে পহৰা দিয়াৰ সময়ত এক যুবকে দেখিবলৈ পায় যে দুগৰাকী বিশাল আকৃতিৰ লোক তেওঁৰ সম্মুখৰ দিকে আহি আছে ৷ আৰু ইয়াৰ পাছত যুবক জনক বিশাল আকৃতিৰ লোকে খেদি খেদি আহে ৷ আৰু যুবক জনৰ ওপৰত ভূতে আসৰ কৰে ৷

এই ঘটনাৰ পাছত গাঁৱৰ লোক সকলৰ বিশ্বাস হয় যে গাঁওখনত ভূত হোমাই পৰিছে ৷ পিছে গাঁৱৰ লোক সকলে ভূতৰ পৰা পৰিত্ৰাণ বিচাৰি এগৰাকী মৌলবীৰ কাষচাপে ৷ আৰু মৌলবী গৰাকীৰ কথা মতে গাঁৱত থকা এখন শিব মন্দিৰত আৰম্ভ হয় পূজাপাঠ আৰু কীৰ্তন ৷ বৰ্তমানে প্ৰতিদিনেই মন্দিৰখন কীৰ্তন সহ পূজাপাঠ চলি আছে ৷ যাৰবাবে গাঁওখন ভূতৰ তাণ্ডৱ কিছু কম হৈছে বুলি জনায় গাঁৱৰ লোক সকলে ।

Post a Comment

Previous Post Next Post